Assam Govt Jobs, Central Govt Job, Private Jobs, Guwahati Jobs Update

Assam TET Exam Note 2019 :: শ্ৰীমন্ত শংকৰদেৱ In Assamese Short Note

শ্ৰীমন্ত শংকৰদেৱ


শ্ৰীমন্ত শংকৰদেৱ (Srimanta Sankardeva, জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) 





শ্ৰীমন্ত শংকৰদেৱ-
জন্ম১৪৪৯
বৰদোৱানগাঁওঅসমভাৰত
মৃত্যু১৫৬৮
মধুপুৰ সত্ৰভেলাদংগাকোচবিহাৰভাৰত
উপাধি/সন্মানমহাপুৰুষ,জগতগুৰু
প্ৰতিষ্ঠাপকএক শৰণ নাম ধৰ্ম
দৰ্শনবৈষ্ণৱ ধৰ্ম
সাহিত্যিক কৰ্মকীৰ্তন ঘোষাবৰগীতঅংকীয়া নাট,
উল্লেখযোগ্য শিষ্য(সকল)মাধৱদেৱ

পূৰ্বপুৰুষ আৰু জন্ম


খ্ৰীষ্টীয় ১৪ শ শতিকাত গৌড় ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণলৈ সাত ঘৰ বিশিষ্ঠ ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ মানুহ পঠাইছিল। দুৰ্লভ নাৰায়ণে বৰ আদৰ-সাদৰ কৰি তেওঁলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিল। কায়স্থ সাত ঘৰৰ ভিতৰত চণ্ডীবৰ নামে এজন বিদগ্ধ পণ্ডিত আছিল। ৰজাই তেওঁক শিৰোমণি ভূঞা উপাধি দি হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক পাতিছিল। কিছুদিন সেই কাম সুকলমে কৰি শেষত ভোটবিলাকৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাৰ বৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল। তেওঁৰ বংশতে বৰ্তমানৰ বৰদোৱাৰ প্ৰায় ৮ মাইল দূৰত অৱস্থিত আলি পুখুৰী নামে ঠাইত ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়। শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা দেৱী



তীৰ্থ ভ্ৰমণ

১৪০৩ শকত ৩২ বছৰ বয়সত শঙ্কৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়। আন সোতৰজন তীৰ্থযাত্ৰী শঙ্কৰদেৱৰ লগত যাত্ৰাৰ সংগী হ’ল। এইসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকে ধৰি ৰামৰাম, সৰ্বজয়, পৰমানদ, বলোভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চোট বলোৰাম, মুকুণ্ড, মুৰাৰি, হৰিদাস, দামোদৰ, আৰু আন দুজন এই দলৰ সদস্য আছিল। শঙ্কৰদেৱে অনুগামীসকলৰ সৈতে গংগাৰ পৰা স্নান দৰ্শনেৰে আৰম্ভ ক্ৰি জগন্নথ-পুৰী, সীতাকুণ্ড, উত্তৰ বাহিনী গংগা, বৰাহক্ষেত্ৰ, পুষ্কৰিণী তীৰ্থ, মথুৰা, বৃন্দাবন, দ্বাৰকা, কাশী, বাৰানসী, প্ৰয়াগ, নেপাল, নিষধ, কৈকেয়, কোশল, অযোধ্যা, হস্তিনাপুৰ, পাঞ্চাল, শ্বেতদ্বীপ, কৰ্মনাশা কেশৰী, কাবেৰী, মাৰ্গকাশী, বিন্দুকাশী, কৈশিক তীৰ্থ, মুকুন্দ আশ্ৰম, পুষ্পভদ্ৰা, সোণাৰু, কপিল, গণ্ডকী নদী, উপদ্বাৰকা, অঙ্গদ নগৰ, ৰামেশ্বৰ সেতুখণ্ড, সুবাহু নগৰ, বিদিশা নগৰ, দণ্ডকা বন, চিত্ৰকুট পৰ্বত, গোদাবৰী, গোমতী, পঞ্চবটী আশ্ৰম, দা ঋষ্যমূক পৰ্বত, কিষ্কিন্ধ্যা, পুষ্কৰাৱতী, ভৰদ্বাৰ, হৰিদ্বাৰ, জয়দ্বাৰ, নৰ্মদা, মহানন্দা, কটক নগৰ, বদৰিকাশ্ৰম আদি প্ৰায়বোৰ তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে। ১৫৫০ শকৰ আঘোণ মাহত শঙ্কৰদেৱৰ ৯৭ বছৰ বয়সত সংগী ভকতসকলৰ সৈতে তেওঁ পুনৰ তীৰ্থলৈ যায়। 


শঙ্কৰ-মাধৱৰ মহামিলন

সেয়া আছিল ১৪৪৪ শক (১৫২২ খ্ৰীষ্টাব্দ)। এই সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দূৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই গুৰুজনাৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপস্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ’ল আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গ’ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ’ল। গুৰুজানি নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই।



তিৰোভাৱ

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।[1] সেই সময়ত কোঁচৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। কোচবিহাৰত থকা এই ভেলাদুৱাৰৰ মধুপুৰ সত্ৰত ১৪৯০ শকত ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ হৈছিল।


Share:

Central Govt Job

Recent Posts

Popular Posts

Blog Archive

Subscribe Our Youtube Channel

Recent Posts

Recent Posts

About Me